হেডছাৰহাইলাইটাৰ

আখৰ-জোঁটনিৰ একাধিক ৰূপ:

অসমীয়াত কিছুমান শব্দ বা আখৰ-জোঁটনিৰ একাধিক শুদ্ধ ৰূপ আছে [যেনে— আদৰণি (বিশেষ্য), আদৰণী (বিশেষণ)]। বেলেগ বেলেগ প্ৰসংগত সেই ৰূপবোৰৰ বৈধতা নিৰ্ণয় কৰিব পৰাকৈ এই এপ সক্ষম নহয় (অদূৰ ভৱিষ্যতে উন্নত প্ৰযুক্তি/ কৃত্ৰিম বুদ্ধিমত্তাৰ সহযোগত সেই সক্ষমতা লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে)। সেয়েহে তেনে শব্দবোৰৰ বৈধতা আপুনি নিজাকৈ নিৰ্ণয় কৰিব পাৰে। সংলগ্ন বাকচত আপোনাৰ লেখাখিনি ভৰ্তি কৰি দিয়ক। “জিলিকাবলগীয়া শব্দ” বাকচত ইতিমধ্যে কেইটামান পূৰ্বনিৰ্ধাৰিত শব্দ দি থোৱা আছে, তাৰ উপৰি আপুনি অধিক শব্দ জিলিকাব বিচাৰিলে “জিলিকাবলগীয়া অধিক শব্দ” বাকচত সেই শব্দ লিখি দিয়ক। “জিলিকাওক” বুটামত ক্লিক কৰিলে সেই শব্দবোৰ হালধীয়া প্ৰেক্ষাপটত জিলিকি উঠিব। সেই শব্দবোৰত প্ৰয়োজনীয় সংশোধন কৰি লেখা কপি কৰিব পাৰিব।

একাধিক জোঁটনি যুক্ত কিছুমান শব্দ:

  • আদৰণি: বিশেষ্য (“আপোনাক আদৰণি জনাইছোঁ।”)
  • আদৰণী: বিশেষণ (“আপুনি আদৰণী সভালৈ যাবনে?”)

  • সোঁৱৰণি: বিশেষ্য (“সোঁৱৰণি মোৰ ৰাঙলী জীৱনৰ।”)
  • সোঁৱৰণী: বিশেষণ (“সোঁৱৰণী অনুষ্ঠানত উপস্থিত থাকিম।”)

  • ৰান্ধনি: পুৰুষ ৰান্ধোতা
  • ৰান্ধনী: স্ত্ৰী ৰান্ধোতা

  • বাহ: চৰাই আদিৰ থকা ঠাই
  • বাঁহ: এবিধ গছ

  • বটা: তামোল-চালি দিয়া যতন
  • বঁটা: পুৰস্কাৰ

  • কান: কান্ধ
  • কাণ: শুনা ইন্দ্ৰিয়