hero image

হেডছাৰে কয়,
মাতৃভাষা মাতৃৰ দৰেই পূজ্য!


হেডছাৰৰ অনুপ্ৰেৰণাত গঢ় দিয়া হৈছে আমাৰ মাতৃভাষা অসমীয়াৰ লেখন সহায়ক এপ— ‘হেডছাৰ’। ইয়াৰ দ্বাৰা অসমীয়া আখৰ-জোঁটনিত সাধাৰণতে হোৱা ভুলবোৰ স্বয়ংক্ৰিয়ভাৱে শুধৰাব পৰা যাব। বৰ্তমানে ‘বেটা’ সংস্কৰণ হিচাপে আগবঢ়োৱা এপটোত কিবা আসোঁৱাহ দেখা পালে যোগাযোগ পৃষ্ঠাৰ জৰিয়তে জৰুৰীভাৱে জনাব বুলি আশা কৰিলো।

আমাৰ সহযোগী:


RPKLogo

হেডছাৰৰ উদ্দেশ্য

অসমীয়া লিখোঁতে আমি সততে কিছুমান ভুল কৰোঁ। সাম্প্ৰতিক সময়ত বিভিন্ন ডিজিটেল মাধ্যমত অসমীয়া লিখা হয় যদিও প্ৰায়েই এনে ভুল আখৰ-জোঁটনি দেখা যায়। হেডছাৰে তাহানিৰে পৰা নিজৰ ছাত্ৰ-ছাত্ৰী তথা অন্যসকলক মাতৃভাষা শুদ্ধকৈ কোৱা আৰু লিখাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। (ছাৰে বৰ্তমান অৱসৰ ল’লে যদিও তেখেতক সন্মুখত পালে ‘খিচিৰি’ আৰু ভুল উচ্চাৰণৰে কথা নাপাতিবলৈ ছাত্ৰ-ছাত্ৰী আৰু চিনাকি মানুহে চেষ্টা কৰে।)

হেডছাৰে এদিন কথা প্ৰসংগত ক’লে— এই যে বিভিন্ন ৱেবচাইট, ছচিয়েল মিডিয়াত দেখিবলৈ অতি আপচু ভুল আখৰ-জোঁটনিবোৰ থাকে, এনে ভুলবিলাক টিলিকিতে শুদ্ধ কৰি দিব পৰা কিবা উপায় নাইনে? ছাৰৰ প্ৰশ্নৰ উত্তৰ এই এপ্লিকেশ্যন। আপোনাৰ লেখা কপি কৰি আনি এই এপত পেষ্ট কৰি দি সাধাৰণতে হোৱা ভুলবোৰ নোহোৱা কৰিব পাৰে।

অনুগ্ৰহ কৰি মন কৰিব: এইটো পূৰ্ণাংগ অভিধানযুক্ত এপ নহয়, ইয়াত সচৰাচৰ ভুল হোৱা প্ৰায় পাঁচ হাজাৰ শব্দ যোগ কৰা হৈছে (আৰু কৰি থকা হৈছে), গতিকে ডেটাবেছত থকা সেই শব্দবোৰৰহে ভুল ৰূপটো ই শুদ্ধ কৰিব। ব্যৱহাৰ কৰোঁতে শুদ্ধ নকৰা শব্দ পালে, আমাক যোগাযোগ পৃষ্ঠাৰ জৰিয়তে জনালে সেই শব্দ যোগ কৰা হ’ব। কোনো ক্ষেত্ৰত এই এপে শুদ্ধ শব্দও ভুল কৰি দেখুৱাব পাৰে, তেনে শব্দ পালে আমাক জনালে সেই আসোঁৱাহ দূৰ কৰা হ’ব।

আজিৰ শব্দ

মনত ৰাখোঁ আহক

প্ৰতিযোগিতা

প্ৰতিযোগীতা

's Image

(মোবাইল ফোন বা টেবলেটত এপ ইনষ্টল কৰিবলৈ এই চাইটটো ক্ৰ’ম বা আন কোনো স্বতন্ত্ৰ ব্ৰাউজাৰত খোলক/ ৰিফ্ৰেশ্ব কৰক, তেতিয়া ইয়াৰ তলতে এটা ইনষ্টল বাটন দেখিবলৈ পাব।)